গণশিল্পী মঘাই ওজা : নিপুল শইকীয়া

‘সাহিত্য সংগীত কলা বিহীন, সাক্ষাত পশু যদিও নেজ  বিহীন’- মহান ঋষি মুনি সকলে কৈ যোৱা, এইষাৰ বাক্যই কিন্তু, লুইতৰ দুই পাৰৰ জনজীৱনক চুব নোৱাৰে, কাৰণ পৃথিৱীৰ মুখ দেখাৰ পৰা মাটিৰ দেহা মাটিত মিলি যোৱালৈকে ওৰেটো  জীৱনত আমাৰ লুইত পৰীয়া সন্তানৰ গীত মাতৰ সৈতে এক নিবিৰ সম্বন্ধ জড়িত হৈ আছে। ধর্মৰ লগত, উৎসৱৰ লগত, কর্মৰ লগত, মিলাকৈ আছে নাম, আছে নাচ আৰু আছে বাদ্যৰ ব্যৱহাৰ। এই থলুৱা সংগীত যাক কোৱা হয় ‘লোক সংগীত’, যাৰ ওপৰত অসমীয়া  সংগীতৰ বৰ ভেঁটি বন্ধা হৈছে। লোক সংগীতৰ বুকুত থকা লোক বাদ্য, লোক নৃত্য, লোক গীত হৈছে নানা জাতি, উপজাতি, জনজাতিৰ বাৰে ৰহণীয়া সমাজখনৰ বাপতি সাহোন। অসমৰ লোক বাদ্যৰ ভিতৰত ঢোল, খোল, তাল, বীণ, টোকাৰী, পেঁপা, গগণা, কালী, নেঘেৰা, মঞ্জিৰা আদিৰ ব্যৱহাৰ লুইত পৰীয়া সমাজত সংস্কৃতিয়ে ভেটি পতাৰ দিনৰ পৰাই আছিল।

Moghai Oja

Moghai Oja

অসমৰ ঘাই লোক বাদ্য ঢোল বজাই জগত জননীৰ নাম উজ্জল কৰিলে গণশিল্পী মঘাই বৰুৱা ওজাই। এইজনা শিল্পীয়ে মৃত্যুৰ আগমুহুৰ্তলৈকে ঢোলত চাপৰ দি লুইত পৰীয়া সন্তান হিচাপে চিনাকী দি গ’ল। যোৰহাট নগৰৰ পৰা ১১ কিঃমিঃ পূবে হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত ১৯১৬ খৃঃ মাঘ মাহৰ ৫ তাৰিখ মঙ্গল বাৰে মঘাই ওজাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ৺ বোপাই বৰুৱা আৰু মাতৃৰ নাম ৺ বাউনী বৰুৱা। তেওঁলোকৰ পৰিয়ালটো আছিল কোনো মতে পেটে-ভাটে খাই থকা এটি পৰিয়াল। শিশু কালতে পিতৃক হেৰুৱাব লগা হোৱাত মঘাইৰ পৰিয়ালক শোচনীয় আৰ্থিক অৱস্থাই হেঁচি ধৰিছিল। প্রাথমিক বিদ্যালয়ত নাম লগোৱা মঘায়ে মাত্র দুটা মান শ্রেণী পঢ়িয়েই অৰ্থ উপাৰ্জনৰ আশাত চেনিজান চাহ বাগিছাত কাম শিকিবলৈ ঢাপলি মেলিছিল। কিন্তু তেওঁ বাগিছাৰ কামত মন বহুৱাব নোৱাৰি ঘৰলৈ ঘুৰি আহিল।

অশয়বাৰী নাওশলীয়া গাঁৱৰ দাল দৰিদ্র খেতিয়কৰ ল’ৰা ঢুলীয়া কেনেকৈ হ’ল? তেওঁক ওজা কোনে কৰিলে? তেখেতক ওজা কৰা মানুহজন আছিল হাতীগড় মৌজাৰ বচাপথাৰ বৰগুৰি গাঁৱৰ ৺ ডিম্বেশ্বৰ গগৈ, যিজনৰ ল’ৰা কালৰ পৰাই পৰিচিত নাম আছিল কছাৰী ওজা। গগৈ দেৱেও ওজাৰ শিক্ষাখিনি মঘাইক দান কৰিবলৈ পোৱাত আনন্দ লাভ কৰিছিল। মঘাই বৰুৱাইও বুজিছিল, “গুৰু লগা বিদ্যাইহে সুফল প্রদান কৰিব”। কছাৰী ওজাৰ ঘৰত ঢোল বিদ্যা-শিক্ষা কৰি থকা সময়ত ওজাৰ ঘৰত মঘাইয়ে সকলো ঘৰুৱা কাম বনত সহায় কৰিছিল। মঘাই বৰুৱাই গুৰুৰ ওচৰত লগে লগে ঢোলৰ ৰগৰ, টকৰ, চেওঁ-চাপৰ, চালনা, বুলনি, লাগঠাঁচ মালিতা, হাত, পালচ সকলো আঁৰ মাৰি শিকি লৈছিল। দুয়ো ওজাৰ মাজত যেন মণি-কাঞ্চনৰ সংযোগ ঘটিছিল। গুৰুৱেও হিয়া উবুৰিয়াই মঘাইক শিকাইছিল। ঢোল বাদ্যৰ শিক্ষাৰ লগে লগে ঢোল নিৰ্মানৰ শিক্ষাও মঘায়ে গ্রহণ কৰিছিল। কালক্রমত মঘাই গুৰুতকৈ একলা বাঢ়িছিল। ঢোলৰ বিদ্যা আয়ত্ব কৰাৰ ক্ষেত্রত মঘাই বৰুৱাৰ নিষ্ঠা আৰু ঐকান্তিকতা কম নাছিল। সকলোখিনি শিক্ষা গুৰুৰ পৰা লোৱাৰ পাছত অভিনৱ ধৰণেৰে আখৰাৰ ব্যৱস্থা কৰিছিল। মঘাই বৰুৱাই তেঁওৰ সহপাঠী সকলৰ লগ লাগি ৰোষেশ্বৰ বৰুৱা আলিৰ কাষে কাষে বৈ যোৱা বাঘজান নদীৰ কাষৰ মুকলি চাপৰিত ৰভা সাজি দীঘলীয়া সময়ৰ বাবে ঢোলৰ আখৰা কৰিছিল। এই শুভ কাৰ্য্যৰ বাবে নাম প্রসঙ্গৰে শুভাৰম্ভ কৰি বহু দিন ধৰি অনুশীলন কৰি গুৰুৰ পৰা লাভ কৰা ঢোলৰ ছ-অঁৰা বাদ্য কণ্ঠস্থ কৰিছিল।

আনফালে মঘাই বৰুৱাক ঘৰৰ আর্থিক দুর্বলতাই কোঙা কৰি পেলাইছিল। ঢোল বাদ্যৰ প্রতি আস্থা আৰু ওজা হ’বলৈ দুৰ্বাৰ হেপাহৰ কাৰণেই মঘাইয়ে ঢোলটো কান্ধত আঁৰি ললে। সেই সময়ত ওজা সকলে গোটেই ৰাতি বিয়া ঘৰত ঢোল বজাই মাননি পায় তামোল পান এটাৰ লগত মাত্র এটকা বা দুটকা। সভাই সমিতিয়ে ঢোল বজালে একো নাপায়। পৰিয়ালক পোহ পাল দিবলৈ ওজাই নাঙলৰ মুঠিত ধৰাৰ পৰা আৰম্ভ কৰি বেপাৰ বাণিজ্যও কৰিছিল। মঘাই ওজাই অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে ওজা গাই মানুহক মন্ত্রমুগ্ধ কৰিব পাৰিছিল। অসমৰ ঢোল সংস্কৃতিৰ ‘মুকুট বিহীন সম্রাট’ মঘাই ওজাৰ পৰিয়ালৰ শোচনীয় আৰ্থিক দুৰৱস্থাক নিবাৰন কৰা উপাই তেঁওৰ হাতত নাছিল। এনে অৱস্থাটো তেঁওৰ শিল্পী প্রাণে হাৰ মনা নাছিল।

মঘাই ওজাৰ পালি বা সহযোগী ওজা আছিল ন-ৰাম ওজা। মঘাই ওজাই ঢোলৰ চাপৰতে নিজৰ পৰিচয় দিছিল এইদৰে-

“কান্ধত লৈছো ঢোলৰ বোজা,

মোকে কয় মঘাই ওজা,

ৰাম কালি হাৰ কালি কালি কালি,

মই হৈছো কছাৰী ওজাৰ পালি।”

            ওজায়ে পেটত পানী-গামোছা বান্ধি হ’লেও ঢোলৰ সাধনা কৰি ঢুলীয়া ওজা কৃষ্টিক ওপৰলৈ তুলিলে। সকলোৰে লগত মঘাইয়ে নিতৌ নতুন নতুন সৃষ্টিৰ তাৰনাত ঢোলৰ সাধনা চলাই গৈছিল, যিয়ে ঢোল বাদ্যক অসমীয়া সংস্কৃতিৰ বৰ ঘৰত এক বিশিষ্ট মহিয়ান ৰূপত প্রতিষ্ঠা কৰি থৈ গ’ল।

মঘাই ওজাই আধুনিক সমাজ আৰু সংস্কৃতিৰ লগত ৰজিতা খোৱাকৈ পুৰণি দিনীয়া ঢোলটোতে আকৰ্ষণীয় আৰু কৌতুহ’ল উদ্দীপক মালিতা, হাত, পালচ সৃষ্টি কৰি জনপ্রিয়তাৰ শীৰ্ষলৈ উঠিছিল। ইয়াৰ ভিতৰত বগী ছোৱালীৰ হাত, মেঘে গজা, বৰষুণ দিয়া, ৰেল যোৱা আদি অতি আকৰ্ষণীয়। ওজাৰ এনে সৃষ্টি প্রতিভা আছিল যে তেখেতে যিহকে শুনে তাকে সুমধুৰে গাই ঢোলতো তুলিব পাৰে। মঘাইয়ে মুখত নুফুটা মাতটোও ঢোলত ফুটাব পাৰে। তেখেতে কেৱল মাৰি দালেৰেই ঢোল বজোৱা নাছিল, শৰীৰৰ প্রায় সকলো অঙ্গ-প্রত্যঙ্গৰে ঢোল বজাইছিল। হাতেৰে, ভৰিৰে, কিলাকুটিৰে, আঁঠুৰে, মুৰেৰে, কপালেৰে, থুতৰিৰে, গালেৰে, ভৰিৰ গোৰোহাৰে ঢোল বজাই, মালিতা গাই হাজাৰ হাজাৰ দৰ্শকক মোহিত কৰিছিল। এনে এজন ঢোলৰ যাদুকৰ মঘাই ওজায়ে সেই একেখন হাতেৰে নাঙলৰ খুটিটো ধৰিব লাগিছিল। ওজাই গাইছিল-

“যিখন হাত হালৰ খুটি

সেইখন হাততে ঢোলৰ মাৰি।”

     দৰিদ্রতা ওজাৰ জীৱনৰ চিৰ লগৰীয়া, সেইহে ওজাই গাইছিল-

“ঢোলৰ বাবে তিনিটি আঙুলি­­­­­­­­­­­­

মাজৰে আঙুলি লৰে,

কালিৰে পৰা ভাতে নাইকিয়া

কাচুটি সুলকি পৰে।”

         ঢোলৰ দৰে শাৰীৰিক শক্তিৰে পৰিবেশন কৰিব লগা বাদ্য লঘোনীয়া গাৰে বজাবলৈ কিমানখিনি মনোবল লাগিব তাক ভোক্তভোগীয়েহে উপলব্ধি কৰিব পাৰিব।

ভাৰতীয় গণনাট্য সংঘৰ লগত মঘাই ওজাৰ যোগদান তেখেতৰ জীৱন বুৰঞ্জীৰ এখিলা ৰঙীন পাত। ১৯৫৫ চনতে প্রধান সংগঠক বিশিষ্ট শিল্পী হেমাঙ্গ বিশ্বাস দেৱৰ নেতৃত্বত ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰৰ মাজত ঐক্য স্থাপনৰ মুল মন্ত্ৰেৰে ভাৰতীয় গণ নাট্য সংঘই যি সাংস্কৃতিক কাৰ্য্যসূচী ৰূপায়ন কৰিছিল তাত মঘাই ওজাই বিশিষ্ট স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই চনতে ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী সন্মিলনত ঢোল বাদনৰ দ্বাৰা মঘাই ওজাই ভাৰতৰ সাংস্কৃতিক জগতৰ গণ্যমান্য ভালে কেইগৰাকী শিল্পীক অভিভূত কৰিছিল। সেই সকলৰ ভিতৰত আছিল বলৰাজ চাহানী, সলিল চৌধুৰী, দেবব্রত বিশ্বাস, সুচিত্ৰা সেন, হেমাংগ বিশ্বাস, অমৰ শ্বেখ, শম্ভূ ভট্টাচাৰ্য্য, মণ্টু ঘোষ, বিষ্ণু ৰাভা, নৰহৰি বুঢ়া ভকত, ভূপেন হাজৰীকা আৰু চৈঃ আব্দুল মালিক আদি। ওজাৰ ঢোল বাদন শেষ হোৱাৰ লগে লগে বলৰাজ চাহানী আৰু অমৰ শ্বেখে মঞ্চলৈ উঠি মঘাইক সাৱটি দুয়োজনে কান্ধত বহুৱাই লৈছিল।

১৯৫৫ চনত ভাৰতীয় গণনাট্য সংঘৰ সভাপতি আছিল কলাগুৰু বিষ্ণু ৰাভা দেৱ। সেই বছৰতে মঘাই ওজা গণ নাট্য সংঘৰ উপ-সভাপতি নিৰ্বাচিত হোৱাৰ লগে লগে মঘাই ওজাৰ লগতে অসমৰ ঢুলিয়া কৃষ্টিলৈ যি সৰ্বভাৰতীয় স্বীকৃতি আহিল সেইয়াও অসমীয়াৰ কাৰণে অপ্রত্যাশিত সৌভাগ্যই আছিল।

ভাৰতৰ আগশাৰীৰ শিল্পীসকলৰ সান্নিধ্য পোৱাৰ বাবেই হয়তো মঘাই ওজাই অসমীয়া, হিন্দী কেইবাখনো কথা ছবিত ঢোল বাদ্য পৰিৱেশন কৰাৰ সুযোগো লাভ কৰিছিল। হিন্দীৰ ‘তৃষ্ণা’, বঙলাৰ ‘মাহুত বন্দুৰে’, অসমীয়াৰ ‘পিয়লি ফুকন’, ‘ৰঙা পুলিচ’, ‘প্রতিধ্বনি’ আদি কথা ছবিত মঘাইৰ ঢোলৰ চেও চাপৰ সন্নিবিষ্ট হৈছে। তদুপৰি ওজাৰ জনপ্রিয় সৃষ্টি ‘খৰা শিয়ালৰ বিয়া’, ‘ভাৰতৰ স্বাধীনতা’, ‘মেঘে গজা’, ‘বৰষুণ অনা’, ‘ৰেল গাড়ী চলা’ আদি গ্রামোফ’ন ৰেকৰ্ড কৰা হৈছিল। মঘাই ওজাই অকল অসমতেই নহয় ভাৰতবৰ্ষৰ ইমুৰৰ পৰা সিমুৰলৈ, ৰাছিয়া, চীন, প্রভৃতি বিশ্বৰ অনেক প্রান্তত অসমৰ এই লোক বাদ্য প্রদৰ্শন কৰি ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছিল। তেঁওৰ ঢোলৰ চাপৰত মুগ্ধ হৈ ভূপেন হাজৰিকাই এইদৰে কৈছে, “মঘাই ওজাৰ দৰে ওজা আৰু নোলায়, আমি হিয়া ভুকুৱাই চিঞৰিলেও নাপাওঁ, যিমান ঢোলৰ ওজা নোলাওঁক মঘাই ওজাৰ দৰে Showmanship থকা আৰ্টিষ্ট ভাৰততে বিৰল।”

জীৱনৰ অন্তিম কালত ডিব্রুগড় মেডিকেল কলেজত কেন্সাৰ ৰোগত আক্রান্ত হৈ পৰি থকা সময়তো ওজাৰ উপযুক্ত চিকিৎসা হোৱা নাছিল। গণনাট্য সংঘৰ একালৰ সহযোগী সকলে নানা উপায়েৰে সংগ্রহ কৰি আৰ্থিক সাহায্য দিছিল যদিও ওজাৰ দুখৰ জীৱন দুখতেই থাকি গ’ল। ওজাই আশা কৰিছিল চৰকাৰে তেঁওৰ দৰিদ্র পৰিয়ালটোৰ বাবে আৰ্থিক সাহায্য দিব, কিন্তু চৰকাৰৰ সাংস্কৃতিক বিভাগে এনে কথা ভবাৰ কোনো প্রমান পোৱা ন’গল।

ওজাৰ শেষ সময়ত জনমভূমি গোষ্ঠীয়ে ‘মঘাই ওজা ৰজনী’ অনুষ্ঠিত কৰি আৰ্থিক সাহায্য আগবঢ়াইছিল। ডিব্রুগড় মেডিকেলত থকা সময়ত অঞ্জলী বৰুৱাই আৰ্থিক সাহাৰ্য্য দি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কিন্তু যিখিনি সাহায্য পাইছিল সেইখিনি সাহায্যই ওজাক এখন ভাল চিকিৎসালয়ত চিকিৎসা কৰাবৰ বাবে পৰ্য্যাপ্ত হৈ নুঠিল।

ভাৰতীয় জনতাৰ হৃদয় কঁপাই তোলা ঢোলতো আৰু নিজৰ পাৰিবাৰিক দৰিদ্রতা দুয়োটাকে সৰ্বকালে সাৱতি ধৰিয়েই কেন্সাৰ ৰোগৰ দীঘলীয়া যন্ত্রনাত পৰি থাকি অৱশেষত নিজ ঘৰত ১৯৭৮ চনৰ ১৫ মাৰ্চৰ সন্ধিয়া ৬২ বছৰ বয়সত এই মহান শিল্পীজনে ইহসংসাৰৰ পৰা বিদায় ললে। শিল্পী প্রাণত থাকি গ’ল ওজাৰ জীৱনৰ অলেখ অলিখিত সোঁৱৰণি।

ওজা দেৱৰ সাতজন সন্তান ক্রমে- ৺ তৰুণ বৰুৱা, অৰুণ বৰুৱা, নৰেণ বৰুৱা, আৰতি বৰুৱা, মীনাক্ষী বৰুৱা, ভাৰতী বৰুৱা, মীনাক্ষ বৰুৱা। ১৯৭৫ চনতে তেখেতৰ পত্নীৰ বিয়োগ ঘটিছিল।

চৰকাৰে মঘাই ওজাৰ সোঁৱৰণি হিচাপে তেঁওৰ ঘৰৰ ওচৰতে মঘাই ওজা কলাকৃষ্টি কেন্দ্র নিৰ্মান কৰিছে। এই কলাকৃষ্টি কেন্দ্রৰ বুকুতে ১৯৯৪ চনৰ পবিত্র শিক্ষক দিৱসৰ দিনা মঘাই ওজা শিশুনিকেতন নামৰ এটা শিশু অনুস্থান স্থাপন কৰা হয়।

বিশ্ববিদ্যালয়ৰ ডিগ্রী নাথাকিলেও কাঠৰ ঢোলতে কথা কোৱাই মঘাই ওজাই আৰ্জিলে অসমীয়াৰ গৌৰৱ তথা নিজক কৰি তুলিলে স্মৰণীয়। গণশিল্পী মঘাই ওজা অসমীয়া লোক সংগীতৰ প্রাণপুৰুষ, ঢোলৰ যাদুকৰ হৈ জীয়াই থাকক, আমাৰ প্রেৰণাৰ উৎস হৈ জীয়াই থাকক।

(নিপুল শইকীয়া, অশয়বাৰী, বৰগুৰি গাঁও,যোৰহাট, অসম)

এনাজৰী ডট কমৰ তৰফৰ পৰা বিশেষ কৃতজ্ঞতা: অংকুৰাজ শইকীয়া, যোৰহাট

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s