সাক্ষাত্কাৰ : তুলিকা সেনাপতি

(স্বৰ্গগামী হোৱাৰ কিছুমাহৰ আগতে এনাজৰী ডট কমৰ তৰফৰ পৰা লোৱা সাক্ষাত্কাৰ। বোধহয় এই সাক্ষাত্কাৰটোৱেই আছিল তুলিকা সেনাপতিৰ প্ৰকাশিত একমাত্ৰ আৰু শেষ সাক্ষাত্কাৰ) 

স্বেচ্ছাই কণ্ঠ ৰুদ্ধ তেওঁৰ। এনেকুৱাও জানো হ’ব পাৰে? যোৱা ৪০ বছৰ ধৰি তেওঁ আঁতৰি আছে ৰাজহুৱা পৰিবেশনৰ পৰা। পাহৰি গৈছে তেওঁ গুনগুনাবলৈকো। সুৰৰ পৃথিৱীখনৰ পৰা এতিয়া তেওঁ বহু যোজন নিলগত। পিছে তেওঁৰ গীত শুনিয়েইতো ন-বোৱাৰীৰ বুকুত শোকে খুন্দা মাৰি ধৰিছিল। কাৰণ তেওঁ যে গাইছিল,
“সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে…”
দূৰণিত থকা আপোনজন অহাৰবাতৰি পাই উখল মাখল লগা মনৰ সেই আউল লগা ক্ষণৰ উমান পোৱা গৈছিল তেওঁৰ গীততেই,
“চিঠিপালো পঢ়ি চালো, এই তুমি পাবাহি
কি যে কৰো হায়!
চুলি বান্ধো নে হাঁহো নে ৰান্ধোঁ
তোমাৰ কাৰণে…”
এৰা তেওঁৰ গানেৰেই নিচুকাব পৰা হৈছিল কণমানিহঁতকো
“অ’ ফুল অ’ ফুল নুফুল কিয়?
বগলী এ সবাহলে নগলি কিয়?”
তুলিকা সেনাপতি, পঞ্চাশ ষাঠিৰ দশকত অসমীয়া সংগীতত এক মিঠা কণ্ঠৰে শ্ৰোতাক আপ্লুত কৰা এগৰাকী গায়িকা। আকাশবানীৰ বহু জনপ্ৰিয় গীতৰ গায়িকা তুলিকা সেনাপতি বৰ্তমান যেন পাহৰণিৰ গৰ্ভত বিলীন হৈ গৈছে। একপ্ৰকাৰৰ অজ্তাবাস কটাই থকা তুলিকা সেনাপতি আজি প্ৰায় চল্লিশ বছৰ ধৰি গানৰ পৃথিৱীখনৰ পৰা আঁতৰি আছে, অথচ গানেই আছিল যাৰ প্ৰাণ আৰু গানৰ জড়িয়তেই যাৰ নাম শুনা গৈছিল মুখে মুখে। কিয় এই অজ্ঞাত বাস? বিচাৰি গৈছিলো তেওঁক। জানিব বিচাৰিছিলো তেওঁৰ মনৰ কথাবোৰ,তাহানিৰ কথাবোৰ তেওঁৰ মুখেৰেই –

গানৰ পৃথিৱীখনলৈ আপুনি কেতিয়া প্ৰৱেশ কৰিলে?

গানৰ পৃথিৱীখনত প্ৰথম প্ৰৱেশ কৰো পঞ্চাশৰ দশকৰ মাজভাগত। ১৯৬২ চনৰ পৰা ৰেডিঅ’ত গান গোৱা আৰম্ভ কৰিছিলো। তেতিয়াই লগ পাইছিলো মুকুল বৰুৱাক। তাৰ পাছতে জীতেন দেৱ, হেমেন হাজৰিকা আদিকে ধৰি বিভিন্নজনৰ গান গাবলৈ আৰম্ভ কৰো।

ৰেডিঅ’ত গোৱা গানবোৰ আপোনাৰ এতিয়া মনত পৰেনে?

ৰেডিঅ’ত গোৱা গানবোৰৰ ভিতৰত ধৰা, ‘পত্ৰলেখা মই পত্ৰ লিখি যাওঁ/ আখৰ গাঁঠি গাঁঠি পানচৈ উটুৱাওঁ’, ‘এয়া যে গভীৰ নিশা, ইমান তমসা/বাটৰ নাপাওঁ নাপাওঁ দিশা/মই অসহায় ৰাধা’অথবা ‘তাঁতত ফুলে হাতৰ ফুল/মনত ফুলে বনৰ/ বুজিও নুবুজ কিয় মন দোমোজা পৰৰ’পৰৰ’আদি গানবোৰেই বিশেষকৈ মনত পৰে। এই গানবোৰ আছিল নিৰ্মলপ্ৰভা বাইদেউৱে লিখা। লক্ষ্যহীৰা বাইদেউৱে লিখা গীতো বহু গাইছিলো সেইখিনি সময়ত।

সেই তাহানিতে আপোনাৰ ‘চিঠি পালো পঢ়ি চালো’, ‘সন্ধিয়াৰ আকাশত বগলী উৰে’, ‘অ’ ফুল অ’ ফুল নুফুল কিয়’ আদি গীত সমূহ খুবেই জনপ্ৰিয় হৈছিল। এই গীত সমূহৰ বিষয়ে অলপ ক’ব নেকি?

উ: ‘চিঠি পালো পঢ়ি চালো’ গীতটো ৰেকৰ্ডিং কলিকতাত কৰিছিলো, এইচ এম ভি-ত। জীতেন দেৱৰ তত্বাৱধানত সেই গীতটো ৰেকৰ্ড কৰিছিলো। ৭৮ আৰ পি এম ৰেকৰ্ড আছিল। আৰু ‘সন্ধিয়াৰ আকাশত বগলী উৰে’গীতটো গুৱাহাটীতে ৰেকৰ্ড কৰিছিলো। তেতিয়া এইচ এম ভিয়ে গুৱাহাটীতে গীত ৰেকৰ্ডিং কৰিব পৰা ব্যৱস্থা কৰিছিল। সকলোৱে ভাল পোৱা গান এইটো। জিতেন দেৱে সুৰ দিছিল। কথাখিনিও বৰ সুন্দৰ। তেতিয়াৰ দিনত গীতটি ৰেডিঅ’ত বাজিলে বহুতৰে চকুপানী ওলাইছিল। মিনাক্ষী দেৱীয়ে প্ৰথম ৰেডিঅ’ত গীতটি গাইছিল। লোকসংগীতৰ পৰশ আছিল গীতটোত। মই ভাবো জিতেন দেৱৰ সুৰসমূহ যিমানেই টান সিমানেই সুমধুৰ। ‘অ’ফুল অ’ফুল নুফুল কিয়’গানটোও একে সময়তে ৰেকৰ্ডিং কৰা। আৰু এটি গীত আছিল ‘চ’তৰে চাপৰিত বিহুৰে সুঁহুৰি’ গীতটি। এই গীতটিৰ সুৰ আছিল হেমেন হাজৰিকাৰ। বোধহয় ‘অ’ফুল অ’ফুল নুফুল কিয়’গীতটিও হেমেন হাজৰিকায়েই সুৰ কৰা। ৰেকৰ্ডৰ কভাৰত জয়ন্ত হাজৰিকা বুলি লিখা আছে। জয়ন্ত আছিল ৰেকৰ্ডিঙৰ সময়ত, কিন্তু সুৰটো বোধহয় তেওঁৰ নাছিল।

এইচ এম ভিত আপুনি আপুনি মুঠ কেইখন ৰেকৰ্ড কৰিছিল আৰু গীতসমূহ কি কি আছিল?

এইচ এম ভি ত মই চাৰিখন ৰেকৰ্ড কৰিছিলো। আৰু গীতসঁউহৰ ভিতৰত ‘অ’ চেনাই ধনে মোৰ’, ‘নুবুজো কিয় যে বুজিও নুবুজো’ইত্যাদি গীত সমূহৰ ৰেকৰ্ডিং কৰিছিলো। এইবোৰ মোৰ বিয়াৰ আগৰে ৰেকৰ্ডিং। ৬৪ চন মানৰ হ’ব বোধহয়!

আপোনাৰ বহু গীত নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছিল। বাইদেউৰ কথাৰে গীত গোৱাৰ ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনে?

নিৰ্মলপ্ৰভা বাইদেউৰ লগত আগৰে পৰাই এটা মৰমৰ সম্পৰ্ক আছিল। বাইদেউৰ মতে মোৰ মাতটো হেনো সৰু ছোৱালীৰ দৰে, কোমলমতীয়া। আৰু সেই অনুসৰিয়েই বাইদেউৱে গীত সমূহ লিখিছিল। আৰু গীত গোৱাৰ ক্ষেত্ৰত সুৰকাৰ জিতেন দেৱেও জানিছিল কোনটো গীত মোৰ মাতত খাপ খাব। আৰু সেইমতে গীতসমূহ গোৱাইছিল। এইবোৰ তেখেতসকলৰ বৰ ডাঙৰ গুণ।

এতিয়াৰ অসমৰ সংগীত ক্ষেত্ৰখনৰ বিষয়ে আপুনি কি ক’ব ?

এতিয়াতো কিছুমানে বৰ সুন্দৰকৈ গীত গায়। বহুতো ভাল ভাল গায়ক গায়িকা ওলাল। পুৱা গধুলি টিভিটো খুলিলেই বহুতো নতুন মুখ। ভাল লাগে মনটো।

নিজৰ গানবোৰ শুনিলে আপোনাৰ এতিয়া কেনে অনুভৱ হয়?

অ’ ৰেডিঅ’ ত কেতিয়াবা শুনা পাওঁ। ভালেই লাগে। গানবোৰ বচা বচা গান আছিল। এতিয়া যিমান গান গোৱা মানুহ, তেতিয়া সিমান গান গোৱা মানুহ নাছিল। তেতিয়া যিয়েই যি গাইছিল, ভাল গাইছিল।

কেতিয়াৰ পৰা আপুনি সংগীতৰ ক্ষেত্ৰখনৰ পৰা আঁতৰি আহিল?

বহু দিন, বহু বছৰ হ’ল। এতিয়া কোনোবাই নক’লে মই পাহৰিয়েই যাওঁ যে মই এটা সময়ত গান গাইছিলো। তেতিয়াই গাইছিলো ষাঠী সত্তৰ দশকতে আৰু তেতিয়াই সামৰিলো।

হঠাতে গান গাবলৈ কিয় এৰি দিলে এনেকৈ?

কিয় বা এৰি দিলো! মই নিজেই নাজানো। এতিয়া আৰু গান গাবলৈ মন নোযোৱা হ’ল। এতিয়াতো সকলোৱে গায়েই আছে। মই গোৱা নোগোৱাৰ কথাই নাহে।

তথাপিও আমাৰ এক হেঁপাহ আছিল। আপোনাৰ মাত যদি গীতৰ মাজেৰে এতিয়াও শুনি থাকিলো হেঁতেন!

……….(এক নিস্তব্ধতা)

-মনজিত ৰাজকোঁৱৰ
©এনাজৰী ডট কম

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s