সাক্ষাৎকাৰ : গীতিকাৰ এলি আহমেদ

অসমীয়া সংগীত জগতত এলি আহমেদ এটি পৰিচিত নাম। ‘ডঃ বেজবৰুৱা’ৰ পৰা আৰম্ভ কৰি ‘ককা দেউতাৰ ঘৰ জোঁৱাই’ লৈকে বহুতো সুমধুৰ গীতৰ স্রষ্টা এলি আহমেদ। কোনে পাহৰিব পাৰে দ্বীপেন বৰুৱাৰ কণ্ঠত ‘ডঃ বেজবৰুৱা’ৰ সেই কালজয়ী গীত ‘ফুল ফুল ফুল…’ অথবা বৰুৱাৰ সংসাৰৰ ‘গা গা আজি গাই যা…’, যি দুটা গীতে এতিয়াও নৱ প্রজন্মৰ শ্রোতাক আকৰ্ষিত কৰে। দেৱী, সোণমইনা, সাদৰী, বৰদৈচিলা, যখিনী, ধ্রুৱতৰা, দেৱতা, বনফুল, ৰিক্সাৱালা, ককাদেউতাৰ ঘৰ জোঁৱাই আদি অলেখ কথাছবি আৰু বিভিন্ন ধাৰাবাহিকৰ বাবে গীত ৰচোতা এইগৰাকী স্বনামধন্য গীতিকাৰৰ মনৰ কথা জানিবলৈ আমি তেখেতৰ কাষ চাপিছিলো –

অসমীয়া গীতি সাহিত্যত এলি আহমেদ এটি স্বনামধন্য নাম অসমীয়া সংগীত জগতখনলৈ আপুনি কেইবাটিও যুগজয়ী গীত আগবঢ়াইছে আপুনি গীতৰ সুৰীয়া জগতখনৰ লগত কেতিয়া কেনেকৈ পৰিচিত হৈছিল?

eli ahmed

মই সৰুৰে পৰা গীত লিখিছিলো। গানৰ লগত মই সৰুৰে পৰাই জড়িত। আমাৰ ঘৰখন আগৰ পৰাই খুউব cultured আছিল। কিন্তু তথাপি আইতাই গান গোৱাত বাধা দিছিল। তেতিয়া মই যুক্তি সহকাৰে কৈছিলো যে, আমাৰ আজানতেই দেখোন ‘চা ৰে গা মা’ সোমাই আছে। কোৰাণ পঢ়িলেও দেখোন সুৰ দিয়েই পঢ়া হয়। সৰুৰে পৰা নাট ভাওনাৰ সৈতে জড়িত আছিলো। তাৰ বহু দিনৰ কথাছবি পৰিচালক ব্রজেন বৰুৱাৰ কথামতে লিখিলো ‘ফুল ফুল ফুল…’ গীতটি। ছবিখনৰ নাম আছিল ডঃ বেজবৰুৱা। তাৰ পাছত পুনৰ ব্রজেন দাৰ অনুৰোধত নিপ বৰুৱাৰ ছবি ‘বৰুৱাৰ সংসাৰৰ’ বাবে আন এটি গীত লিখিলো- ‘গা গা আজি গাই যা…’। দুয়োটা গীততেই ৰমেন বৰুৱাৰ সংগীত পৰিচালনাত কণ্ঠ নিগৰালে দ্বীপেন বৰুৱাই। তাৰ পাছত দেৱী, সোণমইনা, সাদৰী, বৰদৈচিলা, যখিনী, ধ্রুবতৰা, দেৱতা, বনফুল, ৰিক্সাৱালা, ককাদেউতাৰ ঘৰ জোৱাই আদি বোলছবিৰ লগতে প্রগতি কি ঔৰ, গধুলি, শাহু আই, নৰ্তকী, জীবনধাৰা, শিক্ষাবন্তি আদি ধাৰাবাহিক সমূহৰ বাবেও গীত লিখিলো। এইদৰেই সংগীতৰ জগতখনৰ সৈতে একাত্ম হৈ পৰিলো।

আপুনি ইতিমধ্যে বহুতো অসমীয়া চলচ্চিত্রৰ বাবে গীত লিখিছে চলচ্চিত্রৰ বাবে গীত লিখাৰ অনুপ্রেৰণা কেনেদৰে পালে?

১৯৬৭ চনৰ শেষৰ ফালে মই এদিন মোৰ ভাইটি দাৰাৰ(দাৰা আহমেদ) লগত ফাঁচীবজাৰলৈ গৈছিলো। এনেতে মই দেখিছিলো এজন ওখ পাখ হৃষ্ট পুষ্ট ব্যক্তি। তেখেতে দোকানৰ পৰা সৰু ল’ৰা ছোবালীৰ কাপোৰ কিনিছিল। দোকানীজনে বান্ধি দিয়া কাপোৰৰ ভাঁজত কিছু অংশ ফটা আছিল। মই সেয়া দেখি দোকানীজনক কিয় ফটা কাপোৰ দিছে বুলি সুধিলো। তেতিয়াই সেই ব্যক্তিজনে মোক দেখি সুধিছিল, “তুমি এলি নহয়নে?”। মই থত্ মত্ খালো। ব্যক্তিজনে পুনৰ সুধিলে, “তুমি গীতবোৰ কি কৰিছা?” মই কৈছিলো, “গীতবোৰ সুৰ নিদিলে কবিতা হৈ থাকে”। ব্যক্তিজনে দোকানৰ পৰা ওলাই আহি মোক কৈছিল, “মই এখন ছবি কৰিম। মোক গীত লাগে”। মই ঘামি জামি গৈছিলো। তেওঁ গীতৰ সুৰটো গুন গুনাই দিছিল আৰু কৈছিল, “তুমি এই সুৰতে গীতটো লিখিব লাগিব। মই কাইলৈ পুবা তোমাৰ তালৈ যাম। গীতটো মোক কাইলৈ লাগিব”। সেইজনা ব্যক্তিয়েই হ’ল স্বনামধন্য কথাছবি পৰিচালক, ব্রজেন বৰুৱা। মই ভাইটিহঁতক লৈ তেতিয়া উলুবাৰীত আছিলো। ব্রজেন দাই দিয়া গানটো কানত লৈ সেইদিনা সন্ধিয়াৰ পৰা নিশালৈকে মই গানৰ শব্দ বিচাৰি ফুৰিছিলো; মোৰ মালৈ স্মৰণ কৰোতে মাৰ নামটো মনত পৰি গৈছিল।। মাৰ নাম আছিল, ফুল। মই মাৰ নামেৰে গানটো আৰম্ভ কৰিছিলো- “ ফুল ফুল ফুল…”। পুবা নিৰ্দিষ্ট সময়তকৈ কিছু সময় আগতে আহি ব্রজেন দা আমাৰ বাৰাণ্ডাত থিয় হৈছিল। তেখেতক দেখি মই অভিভূত হৈ পৰিছিলো আৰু ভিতৰলৈ মাতি আনোতে ঘঁড়ীটোলৈ চাই নিৰ্দিষ্ট সময়তহে ঘৰৰ ভিতৰলৈ সোমাইছিল। গীতটো পঢ়ি চাই ব্রজেন দাই কৈছিল, “একে ৰাতিৰ ভিতৰতে তুমি গীতটি লিখি দিলা?” তেনেকৈয়ে মই কথাছবিৰ গীতৰ মাজত সোমাই পৰিছিলো।

এটি গীত ৰচনা কৰোতে কোনবোৰ দিশৰ প্রতি আপুনি বিশেষভাবে চকু ৰাখে?

গীতৰ বহুতো ধৰণ আছে। কথাছবিৰ গীত লিখিবলৈ হ’লে যিটো কাহিনী, সেইটোৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ ক’ত, কেতিয়া, কোনে, কি পৰিবেশত গীতটি গাব লাগিব সেইটো বিচাৰ কৰি লোৱাটো দৰকাৰী। কিছুমান গীত বন্ধ মঞ্চত, কিছুমান গীত মুকলি মঞ্চত গোৱা হয়। সেইবাবে গীত ৰচোতে এইবোৰ দিশো চালি জাৰি চাবলগীয়া হয়। বিষয়বস্ত হিচাপে প্রকৃতিৰ প্রতি মোৰ এক বিশেষ আত্মীয়তা আছে। মই মাটিৰ গোন্ধ ভাল পাওঁ, মাটি মানে মোৰ দেশৰ মাটি, দেশৰ আকাশ, দেশৰ পৃথিৱী।

দ্বীপেন বৰুৱাৰ কণ্ঠত ডঃ বেজবৰুৱাৰ ‘ফুল ফুল ফুল’, বৰুবাৰ সংসাৰৰ ‘গা গা আজি গাই যা’ অথবা মালবিকা বৰাৰ কণ্ঠত দেৱী বোলছবিৰ ‘জোনাক ভৰা নিশা’, এই গীত সমূহ শ্রোতাৰ মাজত আজিও খুবেই জনপ্রিয় এই সৃষ্টিসমূহৰ ভিতৰত কোনটো গীত আপোনাৰ শ্রেষ্ঠতম সৃষ্টি বুলি ভাবে? অথবা কোনটো গীত আপোনাৰ প্রিয়?

‘গা গা গা আজি গাই যা’ গীতটি মোৰ খুৱেই প্রিয়। জীৱনটো কেনেদৰে হাঁহি হাঁহি পাৰ কৰিব লাগে সেইখিনি মই গীতৰ জৰিয়তে প্রকাশ কৰিব বিচাৰিছিলো। মই নিজেও হাঁহি ভাল পাওঁ। প্রত্যেকজন মানুহে এই গীতটি প্রানখুলি গাব পাৰে। সেইবাবে এই গীতটি মোৰ খুউব প্রিয়। ঠিক সেইদৰে ধাৰাবাহিকৰ সংগীতৰ ভিতৰত মোৰ ‘শাহু আই’ৰ শিৰ্ষ গীতটি ভাল লাগে। আৰু মই লিখা শিশু গীতবোৰৰ ভিতৰত ‘অ’ আইতা আকাশত কিমান তৰা আছে?’ গীতটি ধৰিব পাৰি।

বৰ্তমান দেখা যায়, কোনো এটা গীত সফল হ’লে তাৰ স্বীকৃতি যিদৰে গায়ক বা সুৰকাৰ জনে পায়, কিন্তু গীতিকাৰ গৰাকী যেন নেপথ্যত থাকি যায় আপুনি ভাবেনে গীতিকাৰ সকল এইদৰে প্রাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হয় বুলি?

নিশ্চয় বঞ্চিত হয়। মোৰ মতে কোনো এটা সৃষ্টিৰ পিতৃ মাতৃৰ পৰিচয় থকাটো জৰুৰী। গায়ক বা গায়িকা এগৰাকীয়ে যেতিয়া গানটো গায় তাৰ বিনিময়ত গীতিকাৰ গৰাকীয়ে একো নিবিচাৰে। কিন্তু নামটো এবাৰ উচ্চাৰণ কৰি দিলে ভাল পায়। কাৰণ সেইটোৱে ৰাইজক উপকৃত কৰে আৰু গীতিকাৰ গৰাকীয়ে সেইদৰে এটা স্বীকৃতি পায়।

সংগীতৰ শেহতীয়া ধাৰাটো লৈ আপোনাৰ মতামত?

পুৰণি যুগৰ সংগীতৰ লগত বৰ্তমান যুগৰ বহুতো পাৰ্থক্য আহি পৰিছে। যুগৰ ৰূপান্তৰে অতীতৰ গীতসমূহ ৰূপান্তৰলৈ আনিলেও অতীতৰ গীতসমূহ কালজয়ী গীত। জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণুপ্রসাদ ৰাভা, পাৰ্বতী প্রসাদ বৰুৱা, ডঃ ভূপেন হাজৰিকাৰ গীতত আমি মাটিৰ গোন্ধ পাওঁ, আত্মীয়তাৰ সোৱাদ পাওঁ, মানৱতাৰ উমান পাওঁ। সংগীতৰ বৰ্তমান ধাৰাতো চালে দেখা যায়, এতিয়াৰ গীতিকাৰ, সুৰকাৰ, বাদ্যশিল্পীকে ধৰি কণ্ঠশিল্পীৰ অনুশীলনৰ প্রয়োজন আছে। এই অনুশীলনে গীতৰ জগতত তেওঁলোক প্রতিষ্ঠা লাভত সহায় কৰিব।

বৰ্তমান দেখা গৈছে গীত ৰচনা কৰা হয় সম্পূৰ্ণ ব্যবসায়িক মনোবৃত্তিৰে বৰ্তমানৰ বেছিভাগ সংগীততে নাই সেই আগৰ মধুৰ কথা, সুৰ অথবা কণ্ঠ বৰ্তমানৰ সংগীত জগতখনক আপুনি কি চকুৰে চায়?নবীন গীতিকাৰৰ হাতত অসমীয়া গীত মাত সমূহ জৰ্জৰিত হৈ পৰিছে বুলি ভাবে নেকি?

নাভাবো। বৰ্তমান যুগৰ পৰিবৰ্তন হৈছে। নবীন সকলৰ হাতত যে অসমীয়া গীতৰ ভৱিষ্যত অন্ধকাৰ মানি লব নোৱাৰি। কাৰণ নৱপ্রজন্ম সকলৰ মাজৰো বহুতে পুৰণি গীত ভাল পায় অথবা প্রবীণ গীতিকাৰ সকলৰ গীতো গায় আৰু তাৰ চৰ্চা অনুশীলনো চলি আছে। সোণ সোণেই, ৰূপ ৰূপেই। পুৰণি গীতসমূহ কেতিয়াও নষ্ট নহয়।

এগৰাকী গীতিকাৰ হিচাপে আপুনি যিধৰণেৰে সামাজিক স্বীকৃত্বি তথা ৰাইজৰ সঁহাৰি লাভ কৰিছে আপুনি তাকে লৈ সুখীনে?

অসমৰ ৰাইজৰ পৰা যথেষ্ট মৰম চেনেহ পাইছো আৰু সেয়াই মোৰ বাবে স্বীকৃতি স্বৰূপ, বঁটাস্বৰূপ। মই মাটিত বহি খোৱা খাৰখন, টেবুল চকীত বহি খালেও একে সোৱাদেই বিচাৰো। তাত লং, ইলাচী, দালচেনি দিলে সি খাৰ হৈ নাথাকে।

নৱপ্রজন্মৰ গীতিকাৰ সংগীতশিল্পী/গীতিকাৰ সকললৈ আপোনাৰ কিবা পৰামৰ্শ?

পাত্র চাই দান দিয়াত মই আগ্রহী। সকলো পাত্রতে সকলো দান সম্ভৱ নহয়। তেওঁলোকে বিচাৰিব লাগিব পৰামৰ্শ। যদিহে নতুন শিল্পী সকলে পৰামৰ্শ বিচাৰে তেন্তে নিশ্চয় দিম। কিন্তু উপযাচি পৰামৰ্শ দিবলৈ গৈ তেওঁলোকক অসুবিধাত পেলোৱাৰ অভিপ্রায় মোৰ নাই।

সম্প্রতি আপুনি নিজকে কিদৰে ব্যস্ত কৰি ৰাখিছে?

এতিয়া বুলি নহয় সদায়েই মই ব্যস্ত। ব্যস্ততাই মোৰ জীৱন। নিজকে ব্যস্ত ৰাখি মই ভাল পাওঁ। কলমেই মোৰ প্রাণ। টাৰুমাৰি ডালতেই থাকে মোৰ খাদ্যৰ নিভাঁজ তৃপ্তি।

– এনাজৰী ডট্ কম্

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s