ৰুদ্র বৰুৱাৰ গীতৰ সৌন্দৰ্য্য – অৰিন্দম শইকীয়া

তাঁতৰ দোৰেপতি চলাই ঘনেপতি
পলকত টোলোঠা ঘূৰে
কোননো সেই গৰাকী চিলনীৰে জীয়ৰী
চেলেংনো ছ’কঠিয়া জোৰে

কিছুমান নিভাঁজ অসমীয়া শব্দ আৰু এটি থলুবা সুৰ। য’ত বিচৰণ কৰে অসমৰ সহজ সৰল গ্রাম্য জীৱনৰ এক সুৰীয়া প্রতিচ্ছবি। যাৰ প্রতিটো গীতত নিগৰিছিল অসমীয়া লোকগীত থলুৱা বিহুসুৰীয়া গীতৰ ধ্বনি। গাঁৱৰ ৰোৱনী দাৱনি হঁতৰ পৰা আৰম্ভ কৰি শৈশৱৰ ‘ তুলতুল বুলবুল’ হঁতলৈ এক বৰ্ণময় কৰ্মৰাজি পৰিস্ফুটিত হৈছিল তেখেতৰ গীতত। হয়তো এয়েই আছিল ৰূদ্র বৰুৱাৰ গীতৰ সৌন্দৰ্য্য।

তেখেতৰ অতি জনপ্রিয় ‘পকা ধানৰ মাজে মাজে…’গীতটি শুনিলেই অনুভব কৰিব পাৰো থলুৱা অসমীয়া সংগীতৰ এক মিঠা অনুভুতি। সৰু সৰু শাব্দিক অলঙ্কাৰেৰে সজ্জিত গীতটিত নাই কোনো অতিমাত্রা উচ্চস্বৰ অথবা অতিমাত্রা নিম্নস্বৰ। ঠিক যেন কথাৰ মাজেৰেহে এটা পৰিবেশৰ বর্ণনা দি থকা হৈছে। অথচ শব্দ আৰু সুৰৰ কি এক অপূৰ্ব মিশ্রণ! ৰুদ্র বৰুৱাৰ গীতবোৰত যেনেকৈ এখন গাঁৱৰ সহজ সৰল বৃত্তান্ত পোৱা যায়। ঠিক সেইদৰে তেখেতৰ বহুতো গীতত প্রকাশ পায়, নাৰীজীৱনৰ এক বাস্তৱ প্রতিচ্ছবি। ‘তাঁতৰ দোৰেপতি’, ‘হয়েৰা জেতুকী বাই’ অথবা ‘তৰালৈ সোণ নাচাবি’, এইবোৰ গীতত প্রকাশ পাইছে গ্রাম্য নাৰীজীৱনৰ সুখ দুখ আনন্দৰ সমাহাৰ।

কি নাছিল ৰুদ্র বৰুৱাৰ গীতত! শিশু, নাৰী, খাটি খোৱা মানুহৰ দুখ দূৰ্দশা, নিজৰ মাটিৰ প্রতি আকুলতা আদি নানা বিষয়বস্তুৰে সজ্জিত ৰুদ্র বৰুৱাৰ গীতসমূহ যে অসমীয়া সংগীতলৈ এক অপূৰ্ব অৱদান তাত কাৰো দ্বিমত নাই।

বৰ্তমান ৰুদ্র বৰুৱাৰ গীতসমূহৰ উপযুক্ত সংৰক্ষণ কৰাটো প্রয়োজন হৈ পৰিছে। ৰি-মেকৰ এই যুগত ছন্দ-সুৰ-কথাৰ যাতে অপপ্রয়োগ নহয় তাৰ প্রতি লক্ষ্য ৰখাটো দৰকাৰী হৈ পৰিছে।

(arindam saikia, Port Blair, Andaman Nicobar Islands; Email: arindam.saikia@indiatimes.com)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s