গায়িকা ডলী ঘোষৰ সৈতে অন্তৰংগ আলাপ

(ৰাতি দোভাগ তেতিয়া। তেওঁৰ পৰা ধাৰে লোৱা সময়তকৈ বহু সময় উকলি গৈছিল।

-“বাইদেউ যাওঁ”
-“এহ যোৱাই নেকি?গান গাই বৰ ভাল লাগিছিল। আকৌ কেতিয়া লগ পাম?”
হেৰাই যায় তেওঁ গানৰ মাজত। এতিয়া তেওঁৰ সৈতে পতা কথাখিনি লিখিবলৈ গৈ দেখিছো- কথা কম, গান বেছি।”
এটাই ইচ্ছা তেওঁৰ, গান গাই যাব পাৰিলেই হ’ল।
তেওঁ ক’লে–”গান গাই মই খুউব ভাল পাওঁ–without any music গান যিমান ভাল পাওঁ, আৰু একোৱেই ভাল নাপাওঁ, মোৰ বাবেতো গান মানেই জীৱন”।
এইগৰাকী গায়িকা ডলী ঘোষৰ সৈতে কিছু অন্তৰংগ আলাপ)

গানৰ প্রতি আপোনাৰ টান কিমান?
বহুত। বহুত মানে, বাকী কামবোৰতকৈ মই গান গাই বেছি ভাল পাওঁ। এই ভালপোৱাটো কেতিয়া জাগিল মই নিজেই নাজানো।সৰুৰে পৰা ভাল পাওঁ গান গাই, পঢ়া-শুনাটো বেয়া নাছিলো মই। গানটো গাই যাম, কিন্তু তাৰ কাৰণে যদি পঢ়া-শুনা পিছুৱাই যায়, তেনেহ’লে মানুহে কি ক’ব? এই ভাবটোও মনত আছিল সেই সময়ত। যেতিয়া দেখিলো যে, মানুহে কিজানি মোৰ কন্ঠটো ভাল পায়, তেতিয়াহে অলপ sincerely গানত লাগিলো। কানৈ কলেজত, ডিব্রুগড়ত থকাৰ সময়ছোৱাত বেছিভাগ গানৰ লগতেই, তাৰপাছত কলকাতালৈ গ’লো। হোষ্টেলত থাকিলো, তাৰ মাজতো গান এৰি দিয়া নাই। লাহে লাহে ডুব যাবলৈ ধৰিলো গানৰ মাজত। এতিয়া আৰু কি কওঁ, গান যিমান ভাল পাওঁ, আৰু একোৱেই ভাল নাপাওঁ। গান মানেই জীৱন। গান মই বহুত ভাল পাওঁ। তোমাৰ সৈতে এতিয়া যে কথা পাতিছো, এৰিবৰ মন নাই। মোৰ বন্ধুৰ সৈতে কথা পাতিছো বা ফোনত কাৰোবাৰ সৈতে কথা পাতিছো, গানৰ কথা ওলাবই। মই গান খুউব ভাল পাওঁ, “without any music”। সেইকাৰণে সুৰ কিমান লাগিছে বা লগা নাই, মই নিজেই গম নাপাওঁ।

আৰু অসমৰ প্রতি টান?
অসম মোৰ ওপজা মাটি। আৰু যিমান ভালপোৱা মোক অসমৰ ৰাইজে দিছে, স্বীকৃতি দিছে, সেই চেনেহক নেওচা দি থাকো কেনেকৈ? সেয়া মই কেতিয়াও পাহৰি নাযাওঁ। অৱশ্যে মানুহৰ এইটো জন্মগত স্বভাৱ যে importance টো যদি পায়, তেওঁ সদায় ভাল পায়। আৰু যিমান গীত মই অসমীয়াত গাইছো, কোনোটো গীতে আলৈ-আথানি কৰা নাই, বুকুৰ মাজত ঠাই দিছে অসমৰ ৰাইজে। আৰু জন্মস্থানলৈ আহি সকলোৱেইটো ভাল পায়। মোৰতো ঘৰ ইয়াত, চবেই ইয়াত। খুউব মন যায় পুৰণি দিনবোৰলৈ উভটি যাবলৈ। তাতে দূৰত থাকিলে মোহটো আৰু বাঢ়ে। অৱশ্যে মই বেছি দূৰতো নাই, তথাপি অসমীয়া মাতষাৰ শুনিলেই মনটো ভাল লাগি যায়।

গানতো সৰুৰে পৰাই আপুনি গাইছো বুলি কৈছে, অসমীয়া গানেই গাইছিল?
মই স্কুলত থাকোতেই যেতিয়া এদিন গান গাবলৈ আৰম্ভ কৰিলো, তেতিয়া প্রশান্ত বৰদলৈ যে, তেওঁৰ পিতৃ দেৱ বৰদলৈ, তেওঁ সদায় আহে আমাৰ ঘৰলৈ। গান গোৱা দেখি ভাল পায়। মোক তেতিয়া কয় –”তই অসমীয়া নিশিক কিয়?” তেওঁ বহুখিনি কৰিছে মোৰ বাবে। তাৰ পিছতে, All Assam Music Conferenceত যোগ দিলো, তেতিয়া অসমীয়া গান গাওঁতে বিচাৰকে সুধিলে–”তোমাৰ মা কি অসমৰ নেকি? দেউতাটো নহ’ব; কাৰণ তুমি ঘোষ লিখা? মই ক’লো – “নাই, নহয়, মোৰ মাও বাঙালী।“
আচলতে জন্মই মোৰ অসমত। সৰুৰে পৰা ভূপেনদাৰ গান ভাল পাইছিলো। কণমান বয়সতেই পাইছো তেওঁক। শুধৰণি বহুত কৰি দিছে মোক, উচ্চাৰণৰ ক্ষেত্রত। ‘ৱ’টো কেনেকৈ ক’ব লাগে, শব্দভেদে ‘এ’টোৰ উচ্চাৰণ কেনে হয়,খুটি-নাটি মাৰি শিকাইছে মোক।

আপোনাৰ বাবেতো তেওঁ গীতো লিখিছে দুটি?
ভুপেনদাক কৈছিলো মই, মোকটো সৰুৰে পৰাই আপুনি জানে, তেনেকৈ ভাবি মোৰ মনৰ ভাববোৰ আপুনি লিখকচোন। তেতিয়া তেওঁ কলকাতাত বহিয়ে লিখিলে–
অসমী আইৰে লালিতা পালিতা
মই তোলনীয়া জী
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰুনো কওঁ মই কি?
যেতিয়া গানটো গোৱাৰ সময় আহিল, ঠিক তেতিয়াই মোৰ বিয়া। তেতিয়া তেওঁ ভাবিলে, মই নাগামেই নেকি? সেই কাৰণে ঊষা মংগেশকাৰৰ হতুৱাই ৰেকর্ডিং কৰোৱাৰ কথা ভাবিলে। মই ভাবিলো যে মোৰ মনৰ ভাববোৰ যিহেতু গানটোৰ সৈতে জড়িত, HMV-য়েও ক’লে গানটো গোৱাৰ কথা, ৰেকর্ড কৰিলো তেতিয়াই। আৰু আনটো গান, মোৰ খুবেই প্রিয় গান-
এই বিহুৰে উৰুকা নিশা
মোৰ কলিজা পৰিছে ক’লা
চিঠি দিম বুলি চিঠিও নিদিলা
তুমি পৰদেশী হ’লা

আপোনাৰ গানবোৰৰ মাজত সোমাইছোৱেই যেতিয়া আৰু এটা গানৰ কথালৈ আহো, গনেশ গগৈৰ ‘ৰেঘা দিব লাগে যদি’।
ৰেডিঅ’ৰ Special Programme আছিল, ৰাজেন গোহাঁইৰ প্ৰযোজনা, তাতেই গাইছিলো এই গীতটো–’ৰেঘা দিব লাগে যদি ৰেখা লেখি অৰুণৰ’ গানটোৰ কথাখিনি তেনেই সহজ নহয় আকৌ। খুউব চহকী গীতৰ ভাষা। ৰেঘা মানেনো কি এতিয়াও বহুতেই নাজানে। কিন্তু গীতটোৰ কথাৰ মাজলৈ সোমাই গ’লে ওলাই আহিবও নোৱাৰে। গীতৰ পিছৰ কথাখিনি, মই নিজেও হেৰাই যাওঁ গাই থাকোতে–
সপোনতে আহি তুমি
বহাহি কাষতে মোৰ,
নেমাতিলে অভিমানী
সৰি পৰে চকুলোৰ।
বেথাভৰা ছবি সেই
সেই ছবি মনোহৰ,
পুহৰি পুহৰি হ’লে
দিবা ধুলি চৰণৰ।
শেৱালিৰে আলসুৱা
গাঁথি মালা বৰণৰ,
আলে ফুলে ৰেঘা দিম
হেঙুলীয়া কিৰণৰ।
নেভাঙিবা নিশা আহি
মাধুৰিমা সপোনৰ।।

চকুলো ওলাই নেকি এই গানবোৰ গাওঁতে?
নাই, নোলায়। কিছুমান মানুহ থাকে নহয়, খুউব দুখ লাগিলেও কানগদিব নোৱাৰে। দুখৰ অনুভৱ কিন্তু মোৰ আছে। চকুপানী নোলোৱাটো শাৰীৰিক কিবা কাৰণহে কিজানি, কিন্তু মনৰ ভাববোৰ আছে। চকুলো সৰিবৰ বাবে মনৰ যিটো অৱস্থা হয়, তাৰ মুখামুখি হওঁ বহু গান গাওঁতে, কুউব কষ্ট হয়। আবেগিক মই নিজেও, আবেগৰ গান গাই মই ভাল পাওঁ অনুভৱখিনিৰ মাজতে সোমাই যাবলৈ নিজকে এটা চৰিত্র সজাই লওঁ। মোৰ অনুভৱ হয়, দুখৰ গানবোৰ কিজানি মই বেছি ভালকৈ গাওঁ।

এইবাৰ ডিব্রুগড়লৈ যাওঁ, কানৈ কলেজৰ দিনবোৰলৈ, ৰেডিঅ’ত গান হোৱা সময়ছোৱালৈ–
ৰেডিঅ’লৈ আহিছো ১৯৭৪ত। ক্লাচ টেনত মই। ঘৰৰ মানুহখিনিয়ে কিন্তু অডিশ্যন দিবলৈ দিয়া নাছিল। কৈছিল, ‘নাই, নাই, তই এতিয়াও বহুত শিকিবলৈ বাকী, আনক শুনোৱাৰ আগতে নিজে অলপ শুনি ল, শিকি ল।’ পিছে হেঁপাহ ৰেডিঅ’ত গাবলৈ, সেয়েহে অডিশ্যন দিলো। বাছনিত উঠিলো। ৰেডিঅ’ত প্রথম গান গালো, মুকুল বৰুৱাৰ গান। তাৰ পাছত প্রশান্ত বৰদলৈৰ গান। সেইসময়ত প্রতিটো গীতেই জনপ্রিয় হৈছিল। গানো কম আছিল, শিল্পীও বৰ বেছি নাছিল আৰু প্রতিটো গান সাংঘাতিক care লৈ সৃষ্টি কৰাৰ বাবেই কিজানি। ছৈয়দ ছাদুল্লা, হীৰেন গোহাঁই, ৰাজেন গোহাঁই সকলোৰে সৈতে ঘৰুৱা সম্পর্ক। তেতিয়া গান গাবলৈ গৈয়েই ভাল লাগে। এতিয়া গাবলৈ গ’লে এনেকুৱা লাগে যেন, কাৰোবাক আমনি দিবলৈহে আহিছো। A Grade শিল্পীয়ে ৪৫ মিনিট গাব লাগে। এতিয়া গ’লে এনেকৈয়ো সোধে–’ইমান গান গাব?’ আন্তৰিকতা বহুত আছিল তেতিয়া।

আন্তৰিকতা তেতিয়া বহুত আছিল বুলি আপুনি ক’লে, কিয় মনলৈ এনে ভাব আহিল?
ভাৰতীয় মানুহৰ চৰিত্রতে আছে নেকি পুৰণিক পাহৰি নোযোৱাটো। উভতি চাই ভাল পাওঁ আমি। আজিকালি মানু্ৰ ইমান সময় নাই, ব্যস্ততা বহুত বাঢ়িল। সংগীতৰ সৈতে devotionতকৈ আন বহু matter গুৰুত্বপূর্ণ হৈ পৰিল। মাধুৰ্য আছিল সেই গানবোৰত। কিন্তু মই এতিয়াৰ গানবোৰৰ বিৰোধী নহওঁ দেই।

বর্তমান সংগীত চর্চাক লৈ কি ধাৰণা আপোনাৰ?
পৃথিৱীখনত যে কি হৈ আছে, ভাবি কেতিয়াবা নিজেই অবাক হওঁ। সম্ভৱ নহয় বোলা কথাষাৰ এতিয়া আৰু ক’ব নোৱাৰি, সকলো সম্ভৱ। নতুন পৰীক্ষাবোৰক মই সদায় আদৰি লওঁ, বেছ ভাল। ক’ৰবাত দুই-এটা হয়তো আমাৰ ভাল নালাগিব পাৰে, সেইটো বেলেগ কথা, বহুতৰেইতো ভাল লাগে। আৰু বহুতৰেই ভাল লগাটোক আমি অগ্রাহ্য কৰিব নোৱাৰো। গানৰ বাহিৰেও মই human being-তো। গতিকে, যুগৰ লগত নিজকে খাপ খুৱাই ৰাখিব লাগিব। যেনেকৈ গৈ আছে তেনেকৈ যাব লাগিব। সেইবুলি কেতিয়াবা বাটত বোকাপানী থাকেই, তাকো গচকি যামনে? অলপ আঁতৰি গ’লেই হ’ল, কিন্তু যাব লাগিবই। নহ’লে ৰৈ যাম মই। আৰু মানৱীয় সম্পর্ক কেতিবাবা কমি যোৱা যেন লাগিলেও, আছেও তেনেকৈ। কমি গৈছে বুলি মই ক’ব নোৱাৰো, কাৰণ এনেধৰণৰ সেৱাৰ সৈতে মই জড়িত। কিছুমান দুখজনক অৱস্থা দেখি বেয়া লাগে, কিন্তু ভাল লাগে যেতিয়া দেখো বহুকেইখন হাত আগবাঢ়ি গৈছে। ভাল মানুহ বহুত আছে,ভাল সংগীতো সৃষ্টি হৈ আছে।

আকৌ আপোনাৰ গানৰ মাজলৈ যাওঁ। ‘শ্রীমতী মহিমাময়ী’ৰ নির্মলপ্রভা বৰদলৈৰ সেই গানটো ‘দুহাততে দিছা মোক ফুল’ –
মোক যদি গীতৰ ভাষা কাৰ আটাইতকৈ ভাল লাগে বুলি তুমি সোধা– মই নির্মলপ্রভা বাইদেউৰ নামেই প্রথমে ল’ম। অ’, ‘শ্রীমতী মহিমাময়ী’ত গান গাবলৈ বুলি কুলদা আৰু অতুলদাই মাতিছিল। তেতিয়া কেইটামান দিনৰ কাৰণে গুৱাহাটিলৈ আহিলো, মই আৰু মোৰ মা। আমি কুলদাৰ ঘৰতে আছিলো। তাৰ পিচত একেলগে কলকাতালৈ গ’লো। বেছ কিছুদিন আমি আছিলো তাত। সেইটো ৰেকর্ডিঙৰ কথা নাপাহৰো। ফটোবোৰ এতিয়াও চাওঁ, অকলশৰে বহি। কিমান যে কথা মনত পৰে। ‘দুহাততে দিছা মোক ফুল, ভাষা নাই মোৰ ওলগৰে’ গানটোৰ উপৰি আৰু এটা গানো ৰাইজে আদৰি লৈছিল ‘নীলা আকাশৰে ৰূপোৱালী পৰী, আলফুলে উৰি আহো, লগতে তৰাৰ জাকি’। কলকাতাৰ নামী-দামী বাদকসকলে বজাইছিল। পুলক বেনার্জীও গৈছিল।

পুলক বেনার্জীৰ সৈতে আপুনি ‘প্রতিধ্বনি’ নামৰ শ্রব্য সংকলনটিত গীত গাইছিল। এতিয়া পুনৰ ‘প্রজ্ঞাৰাগ’ নামৰ সংকলনত গাইছে।
অ’ ‘প্রতিধ্বনি’ আজি বহুবছৰ হ’ল। ধ্রুৱজ্যোতি ফুকনৰ সংগীত আছিল। অৱনী তাঁতীয়ে শব্দযন্ত্রৰ কামখিনি কৰিছিল। তেতিয়াৰপৰাই মই অসমীয়া গীত গোৱাই নাই। ডেৰ দশকে হ’বৰ হ’ল নেকি? এতিয়া পুনৰ গাইছো। ভাল লাগিছে। ‘কোন সেই ৰূপহী অ’ পকা ধানৰ মাজে মাজে’ গাই ভাল পাইছো। প্রণৱ দেৱনাথ আৰু পুষ্প বৰাই কৰিছে। আৰু পুলকদাৰ সৈতে ইমানদিনৰ মুৰত একেলগে গাইছো!

এটা দীর্ঘ বিৰতি। কলকাতাত কিদৰে জড়িত হৈ আছে সংগীতৰ পৃথিৱীখনৰ সৈতে?
বহুকেইটা শ্রব্য সংকলন কৰিছো। ‘মোম জ্যোস্নায়’ তাৰে এটা। মিন্টু ঘোষ, চন্দন ৰায়চৌধুৰীৰ গান। তাৰে এটা গান মোৰ খুউব প্রিয়। ‘মৌ মৌ মহুৱাৰ মতো’। কিছুদিন পূর্বে আৰু এটা কৰিছো ‘তোমাৰ জন্যে’, তাতে গাইছো বহুকেইটা গান। আৰু এটা গান ধাৰাবাহিক এখনৰ– ‘এক আকাশেৰ নীচে’ৰ– সকলোৱে ভাল পাইছে গানটো। সেইটো হ’ল–’সেইটো আবাৰ ফিৰে পেলাম, হাৰিয়ে যাওয়া স্বপ্নগুলো।’

সংগীতৰ আনুষ্ঠানিক শিক্ষা?
মই শিকিছো বহুকেইজন গুৰুৰ পৰা। ডিব্রুগড়ত প্রহ্লাদ দাসৰ ওচৰত। তেওঁৰ অৱদানেই কিজানি আটাইতকৈ বেছি। ইমান সুন্দৰকৈ শিকাইছিল তেওঁ যে কলকাতাত মই পিছত শিকিবলৈ যাওঁতে তেতিয়াৰ গুৰুসকলে মোক কৈছে, প্রাথমিক শিক্ষাখিনি তোমাৰ নিখুঁত। তাৰ পিছতে চাগিৰুদ্দিন খাঁৰ ওচৰত শিকিলো। খুউব ভাল এচৰাজ বজাইছিল তেওঁ। ঠুমৰী, দাদৰা শিকিছো তেওঁৰ পৰা। তাৰ পিছতেই সুধীন দাসগুপ্ত। কিমান যে সুৰ ভৰি আছিল তেওঁৰ ভিতৰত। তেওঁৰ ‘দিনৰ পোহৰ ৰংচঙীয়া’, ‘শিলে শিলে ঠেকা খালে’ গানবোৰ হয়তো প্রতিজন অসমীয়া শ্রোতাৰেই আপোন। মোৰো বহু অসমীয়া গীতত তেওঁ সুৰ কৰিছিল। তেওঁলোকক পোৱাৰ পিছত মই বুজিছিলো সংগীত আৰু ঈশ্বৰৰ ওচৰৰ সম্পর্কৰ কথা। ভগৱানৰ ওচৰলৈ যোৱাৰ সহজ বাটটোৱেই হ’ল সংগীত।

আপুনি এতিয়া গানবোৰ গুণগুণাই আছে,বয়সৰ একো চাপেই কন্ঠত পৰা নাই। কিয়? চর্চা নে আন কিবা কথা?
নাই, নাই, তেনে কোনো কথা নাই। চর্চা মই একদমেই নকৰো। গৌৰৱ কৰি কোৱা নাই দেই, ৰেৱাজ কৰা হ’লে মই ক’ত থাকিলো হয়, নিজেই নাজানো। মোৰ যেতিয়া কিবা অনুষ্ঠান থাকে, সেইদিনা বা তাৰ আগদিনা গানকেইটা উলিয়াই অলপ সময় বহো। ঘৰতো গম পাই, তাৰমানে কিবা এটা আছে, নহ’লেতো হাৰমনিয়াম লৈ বহাৰ কোনো অভ্যাসেই নাই।
মই প্রাণায়াম সদায় কৰো। প্রাণায়াম কৰি মই এটা কথা গম পালো–কন্ঠৰ অসুবিধাবোৰ নোহোৱা হ’ল। আগতে এনেকুৱা হৈছিল, কাইলৈ কিবা এটা আছে, আজি মাতটো ভাগি গ’ল। সেইবোৰ এতিয়া নাই। আৰু এটা কথা ক’ব পাৰো মই, ওঁম জপ কৰিব লাগে। তাৰো নিয়ম আছে। ‘ম’টো ফুটিবলৈ দিব লাগে। ‘ম’ৰ vibrationটোৱে সকলো। ‘ওঁম’ জপ কৰিলে, মই ভাবো যে, আনে তোমাৰ কন্ঠ সদায় সুৰীয়া শুনিব। গতিকে ইয়াৰ বাদে মই আন একোৱেই নকৰো।

অর্থাৎ, নিজকে জন্মগত প্রতিভা বুলিয়ে ভাবে?
নিজৰ কথা ভাবো। কাৰণ, মই নিজাকৈ বিশেষ একো কৰা নাই। কিন্তু artistic born হ’বই লাগিব বুলি কথা নাই। made হয় দুই-এজন। মই কলকাতাত থাকোতে মোৰ গুৰুৱেও কৈছিল–’মই এজনী artiste দেখিছো, তাই born talent নহয়, made সাধনাৰে নির্মিত হৈছে তাই। তেওঁ হ’ল পাৰবীন চুলতানা। সঁচাকৈয়ে বহুত কষ্ট কৰিছে তেওঁ। প্রতিভা থাকিলেতো ভাল, কিন্তু সাধনাৰেও আগুৱাই যাব পাৰি।

সুৰো কৰিছে আপুনি বহু গীতত?
কথাখিনি চাই যি সুৰ মনলৈ ভাহি আহিছিল,তাকেই দিছিলো। এটা গান বহুতেই ভালপোৱা বুলি কৈছিল–
বেলি মাৰ যোৱা চাই
নদীখনি বৈ যায়
সৰু বৰ ঢৌ তুলি লৈ……
বেছিভাগ গান কথাৰ ওপৰতে সুৰ কৰিছিলো। অৱশ্যে এটা গান, মৃণাল চৌধুৰীয়ে লিখিছিল, সেইটো সুৰটো শুনি লিখিছিল। HMV ৰপৰা বাংলা হৈয়ো ওলাইছে। গানটো আছিল–
জিলমিল ৰ’দালিতে
ৰিমঝিম বৰষাতে
তুমি মোৰ হৈ ৰ’বা
সুখতে দুখতে…….

এইবাৰ আহো, ‘নাহৰ ফুলা’ গীতটোলৈ–
হীৰেন গোহাঁইৰ গান। ৰেডিঅ’ত প্রথম গালো। তাৰপিছত তেওঁ ক’লে ৰেকর্ড কৰ যদি কৰ। গানটো ভাল হৈছে। কথাখিনি অলপ বেলেগধৰণৰ আছিল তেতিয়া, তাৰপিছত তেওঁ অলপমান ইফাল-সিফাল কৰি দিলে। ‘নাহৰ ফুলা’ ৰেকর্ড কৰিলো। EP ৰেকর্ড তেতিয়া। তাৰ লগতেই আছিল নির্মলপ্রভা বাইদেউৱে লিখা এটি গান–
পলাশ বনতে হিয়া যে পখিলা হ’ল
দুটি নয়নৰ দুখনি ডেউকা যেনি-তেনি উৰি গ’ল।
সিপিঠিত আছিল শংকৰ দাসৰ এটি গান। অসমৰ মাটিৰ সুৰ আছে ‘নাহৰ ফুলা বতৰতে’ গানটোত। কলকাতাতো সকলোৱে ভাল পায়। গতিকে হীৰেন দাৰ অনুমতি লৈ গানটো বাংলাও কৰিলো–
কৃষ্ণচূড়া ভোর রাতে মোর
পাখির ডাকে জেগে উঠা
মনের মাঝে আজি ডেকে যায়,
আলোর দিগন্তে আকাশ ভেশে যায়
বনের পাখি আপোন মনে
কি জানে কি গান গেয়ে যায়।

আৰু অসমীয়া গান গোৱাৰ হেঁপাহ?
সাংঘাতিক। কিমান দূৰ সফল হ’ব পাৰো নাজানো। গোৱাৰ ইচ্ছা অত্যন্ত প্রবল। পাৰিম বুলি confidence-ও আছে।

কিবা অপূর্ণ আশা?
জয়ন্ত হাজৰিকাৰ সুৰত গীত গোৱাৰ ইচ্ছা আছিল। তেওঁ মোক কৈছিল, তোমাৰ বাবে কেইটামান গীত কৰিম। হঠাতেই চোন হেৰাই গ’ল তেওঁ। হেমন্ত মুখার্জীয়ে গান শুনিলে মোৰ। মোৰ ওচৰলৈ আহি ক’লে–’তুমি মোৰ বাবে গান গাব লাগিব।’ ক’তা? তাৰে কিছুদিনৰ পিছত তেওঁৰো মৃত্যু।

সামৰণিত সোধো–নিজৰ বিষয়ে কি ভাবে আপুনি?
মই নিজে খুউব সুখী মানুহ। গানৰ ক্ষেত্রতো মই ভাবো যে এটা সুৰীয়া বাটেৰে গৈ আছো মই। যি পাম, সেয়াই আদৰি ল’ম। নাপালেও কোনো আক্ষেপ নাই, খেদ নাই। ইমানবোৰ গান গালো, ইমান চেনেহ পালো, আৰুনো মোক কি লাগে! এতিয়া সেয়ে মই এইটো পাব লাগিব বুলি কোনো আশংকা নাই, বেছি উচ্চাকাংক্ষাও নাই। মাথোঁ গান গাই যাব পাৰিলেই হ’ল।

সাক্ষাৎগ্রহণ: মনজিৎ ৰাজকোঁৱৰ; ইমেইল : monjit007@gmail.com

Advertisements

One thought on “গায়িকা ডলী ঘোষৰ সৈতে অন্তৰংগ আলাপ

  1. খুব অাপ্লুত হৈছো। এনেকুৱা তথ্্য সমুহ বহল ভাবে প্ৰচাৰ হলে অামি নতুন চাম্ লৰা ছোৱালী ৰ বাবে বৰ ভাল হয়।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s